মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

আমাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ

  • আমাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ-

    • পুৰণি পূৰাতাত্ত্বিক স্থান, স্মৃতিসৌধ, ঐতিহাসিক আৰু পূৰাতাত্ত্বিক ভগ্নাৱশেষসমূহ, যিবিলাক এশ বছৰতকৈ কম দিনৰ নহয়, সেইবিলাক সম্পদৰ সুৰক্ষা, সংৰক্ষ আৰু উন্নয়ন সাধন কৰি অসমত পৰ্য্যটকক আকৰ্ষণ কৰা।
    • এতিয়ালৈ অজ্ঞাত হৈ থকা পূৰাতাত্ত্বিক স্থানসমূহৰ , ভগ্নাৱশেষসমূহৰ জৰীপ আৰু উদঘাটন।
    • উদঘাটন হোৱা ঠাইত পূৰাতাত্ত্বিক খনন কাৰ্য্য।
    • পূৰাতাত্ত্বিক স্থান আৰু পূৰাতাত্ত্বিক স্থানত খনন কাৰ্য্যত পোৱা পৌৰাণিক সামগ্ৰীসমূহ নথিভুক্ত কৰা।
    • ৰাজ্যৰ সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু সৌধসমূহৰ সংৰক্ষণ আৰু পুনৰস্থাপন।
    • পূৰাতাত্ত্বিক স্থানৰ উদঘাটন, খনন আৰু সংৰক্ষণ বিষয়ক পূৰাতাত্ত্বিক প্ৰতিবেদন প্ৰকাশ কৰা। বাৰ্ষিক প্ৰতিবেদন সংবাদ, পুস্তিকা, প্ৰচাৰ পত্ৰিকা আদি পূৰাতত্ত্ব আৰু পৌৰাণিক সম্পদৰ ওপৰত প্ৰচাৰ কৰা।
    • অসমৰ সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণত ছাত্ৰৰ ভূমিকা আঁচনিৰ অধীনত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ পৰিচৰ্য্যা, সুব্যৱস্থাত ৰখা আৰু সৌন্দৰ্য্যবৰ্দ্ধন কাৰ্য্যত ছাত্ৰ-ছাত্ৰীক সংপৃ্ক্ত কৰা।
    • “পৌৰাণিক আৰু শিল্প কলা সম্পদসমূহৰ প্ৰয়োগ আইন, ১৯৭২” অনুসৰি পৌৰাণিক সম্পদসমূহ পঞ্জীয়ন কৰা।
    • অসমৰ বিভিন্ন সত্ৰসমূহক ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়ন দিয়া।