মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

NON-PLAN আঁচনিৰ অধীনত অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ ২০১৬-১৭ চনত পৰিচৰ্যা কৰা

    • আঁচনিৰ নাম – Non-Plan আঁচনিৰ অধীনত অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ ২০১৬-১৭ চনত পৰিচৰ্যা কৰা।

                  কামৰ ঠাই – মিকিৰ আটি পূৰাতাত্ত্বিক স্থান, ডবকা, হোজাই জিলা

                  ধাৰ্য কৰা ধন – ৫.০০ লাখ

                  স্থানৰ চমু বিৱৰণ – মিকিৰ আটি পূৰাতাত্ত্বিক স্থানত ইটাৰে সজা মন্দিৰৰ সাক্ষী হিচাপে ৯টা ঢিপ আছে। এনেকুৱা এটা ঢিপৰ খনন কাৰ্য্য কৰাৰ পাছত প্ৰণালীৰ সৈতে ইটাৰ মন্দিৰৰ ভেঁটি পোৱা গৈছে। ইয়াতে আন এটা শিলৰ মন্দিৰৰ ভেটি শিৱলিঙ্গ আৰু যোনিপীঠেৰে সৈতে পোৱা গৈছে। এই পূৰাতাত্ত্বিক স্থআনৰ অগ্ৰগতি ৭ম-১২শ খৃঃ শতিকাৰ বুলি অনুমান কৰিব পাৰি।

                  কামৰ তালিকা –

                  ১. চৌহদটোৰ কাঁইটীয়া তাঁৰৰ বেৰ নবীকৰণ কৰি আৰ.চি.চি. খুঁটা আৰু নতুনকৈ কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে।

                  ২. হাবি-বন চাফ কৰি ঠাইখিনি পৰিস্কাৰ কৰা হৈছে।

                  ৩. চাইনবোৰ্ডবিলাক ৰং কৰি নতুনকৈ লিখা গৈছে।

                  ৪. লোহাৰ গেট আৰু আৰ.চি.চি বেৰৰ খুঁটাবিলাক ৰং দিয়া কাম সম্পূৰ্ণ হৈছে।

      আঁচনিৰ নাম – অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধৰ ২০১৬-১৭ চনৰ PLAN আঁচনিৰ অধীনত সংৰক্ষণকৰণ

                  কামৰ ঠাই – মেথালং-এ পূৰাতাত্ত্বিক স্থান, ডংকামোকাম, জিলা – কাৰ্বি আংলং

      ধাৰ্য কৰা ধন – ৪.০০ লাখ

                  স্থানৰ চমু বিৱৰণ – ইয়াতে মেনহিৰ বুলি কোৱা বৃহত্ বৃহত্ শিল বহুবিলাক আছে। মেগালিথ শব্দটো দুটা গ্ৰীক শব্দৰ সংমিশ্ৰণ, মগা মানে ডাঙৰ আৰু লিথোচ মানে শিল। এই আটাইবিলাকেই ওপৰলৈ মু কৰি থকা স্মৃতিসৌধৰ দৰে শিল আৰু প্ৰাকৃতিকভাৱে এটা এটাকৈ আছে। ইয়াৰে আটাইতকৈ বৃহত্ শিলটো ৫১০ ছেঃমিঃ ওখ আৰু ২৪০ ছেঃমিঃ বহল। এই মেনহিৰ বিলাক কাৰ্বি জনসাধাৰণে মৃত পূৰ্বপুৰুষৰ স্মৃতিত পুতি থয়।

                  কামৰ তালিকা

                  ১. ঠাইখিনিৰ সুৰক্ষাৰ বাবে ইটাৰ দেৱালেৰে আগুৰি শিকলি লগোৱা বেৰ দিয়া সম্পূৰ্ণ হৈছে।

                  ২. লোহাৰ গেট  লগোৱা হৈছে।

                  ৩. বুৰঞ্জীমূলক আৰু সুৰক্ষামূলক জাননী লগোৱা সম্পূৰ্ণ হৈছে।

                  ৪. লগা মতে মাটিৰ কাম সম্পূৰ্ণ হৈছে।