মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

বুৰঞ্জী

  • ১৯৬১ চনত পূৰাতত্ব আৰু যাদুঘৰ সঞ্চালকালয় হিচাপে প্ৰতিষ্ঠা হোৱা বিভাগটোৱে ১৯৮৩ চনৰ পৰা এই পূৰাতাত্ত্বিক বিভাগটোৱে শিক্ষা বিভাগৰ (CTM)ৰ অধীনত স্বতন্ত্ৰভাৱে কাম কৰি আছে। ক্ষেত্ৰীয় পূৰাতাত্ত্বিক উদঘাটনৰ ওপৰত ভিত্তি কৰি এই সঞ্চালকালয়ে বহুবিলাক পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ তালিকা প্ৰস্তুত কৰিছে আৰু পৰ্য্যায়ক্ৰমে অগ্ৰাধিকাৰ ভিত্তিত ইবিলাকক ৰক্ষণাবেক্ষণ দি আছে। এই সঞ্চালকালয়ে কামৰূপ জিলাৰ মদন-কামদেৱ, নগাওঁ জিলাৰ হোজাই আৰু শিৱসাগৰ জিলাৰ ন-পুখুৰীত নথিভূক্ত সৌধসমূহ চোৱাচিতা কৰিবলৈ সংৰক্ষণ বিষয়াৰ বাবে তিনিটা আঞ্চলিক কাৰ্যালয় স্থাপন কৰিছে।

             চৰকাৰী অধিসূচনা নং-R.19/2001/9 তাৰিখ ২৮ জানুৱাৰী,২০০৪ মৰ্মে এই সঞ্চালকালয়ক লেভেল-৩ সঞ্চালকালয় বুলি ঘোষণা কৰিছে। এই সঞ্চালকালয়ত ৮৮টা অনুমোদিত পোষ্ট আছে, তাৰে ভিতৰত ২টা পোষ্টত কৰ্মচাৰী আছে, তাৰে ভিতৰত ২টা পোষ্ট পুৰণি সামগ্ৰী পঞ্জীয়ক, কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাতে এখন আঁচনি ইয়াত চলি আছে আৰু পাৰ্ব্বত্য অঞ্চলৰ বাবে ৪টা পোষ্ট আছে। পূৰাতাত্ত্বিক সঞ্চালকালয়খন চৰকাৰী অধিসূচনা নং AR.15/2003/49 তাৰিখ, দিশপুৰ ২ আগষ্ট,২০০৩ মৰ্মে সাংস্কৃতিক সঞ্চালকৰ অধীনলৈ আহে।

    বিভিন্ন ধৰণৰ পূৰাতাত্ত্বিক কাৰ্য্য নিয়াৰিকৈ সমাধা কৰিবলৈ, পূৰাতাত্ত্বিক সঞ্চালকালয়, অসমে নিম্নোক্ত আইন আৰু বিধিসমূহৰ সহায় লয়-

    ১. অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ আইন, ১৯৫৯

    ২. অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৬৪

    ৩. পৌৰাণিক আৰু শিল্প কলা সম্পদসমূহৰ আইন, ১৯৭২