মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পৰিকল্পনা আঁচনিৰ অধীনত অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ ২০১৬-১৭ চনত উন্নীতকৰণ

    • আঁচনিৰ নাম -   পূৰাতাত্ত্বিক উদ্যান আৰু স্থানীয় যাদুঘৰ ২০১৬-১৭ চনৰ PLAN আঁচনিৰ অধীনত উন্নীতকৰণ।

                  কামৰ ঠাই -   ৰাজবাৰী পূৰাতাত্ত্বিক স্থান, ৰাজবাৰী, হোজাই জিলাৰ ভাস্কৰ্য্যৰ কলাবীথিকা।

                  ধাৰ্য কৰা ধন-    ২.১০ লাখ।

                  স্থানৰ চমু বিৱৰণ – ৰাজবাৰী পূৰাতাত্ত্বিক স্থানত অন্ততঃ ৬টা মন্দিৰৰ ইটা আৰু শিলৰ ভগ্নাৱশেষসমূহ পৰিকল্পনা অনুসৰি থোৱা আছে। মন্দিৰবিলাক ইটাৰে সজা দেৱালেৰে ঘেৰি থোৱা আছে। মন্দিৰৰ এই ইটা আৰু শিলৰ ধ্বংসাৱশেষসমূহ ৯ম-১০ম খৃঃ শতিকাৰ। ইয়াৰে কিছুমান শিলৰ মন্দিৰৰ ভগ্নাৱশেষ ৰাজবাৰী পূৰাতাত্ত্বিক বীথিকাত পৰ্য্যটকৰ দৰ্শনৰ বাবে প্ৰদৰ্শন কৰি থোৱা আছে।

                  কামৰ তালিকা – ৰাজবাৰী পূৰাতাত্ত্বিক স্থানত ভাস্কৰ্য্যৰ বীথিকা নিম্নোক্ত কামসমূহ কৰি নবীকৰণ কৰা হৈছে।

                  ১. চি.চি. কাম সাজু কৰি

                  ২. চিমেণ্ট প্লাষ্টাৰেদি ইটাৰ কাম সাজু কৰি

                  ৩. মজিয়া নিৰ্মাণ

                  ৪. কাঠৰ কম সম্পন্ন কৰি

                  ৫. চি.জি.আই.ৰ চালিৰ কাম সম্পন্ন কৰি

                  ৬. চিলিঙৰ ব্যৱস্থা কৰি

                  ৭. এম.এছ. গ্ৰীলৰ ব্যৱস্থা কৰি

                  ৮. ভাস্কৰ্য্য বীথিকা ৰং কৰা আৰু শিকলি থকা বেৰ সম্পূৰ্ণ কৰা।

      আঁচনিৰ নাম – অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধৰ ২০১৬-১৭ চনৰ PLAN আঁচনিৰ অধীনত উন্নীতকৰণ

                  কামৰ ঠাই – হাতীমূৰা পূৰাতাত্ত্বিক স্থান, জখলাবন্ধা, নগাঁও জিলা

                  ধাৰ্য কৰা ধন – ৬.০০ লাখ

                  স্থানৰ চমু বিৱৰণ – পাহাৰৰ ওপৰত থকা ৯ম-১০ম খৃঃ শতিকাৰ এটা শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ ওপৰত স্বৰ্গদেউ প্ৰমত্ত সিহংৰ আদেশত এই ঠাইতে গদাধৰ তৰুণ দুৱৰা বৰফুকনে ১৭৪৫ খৃঃত ইটাৰ মন্দিৰটো সাজে।

                  ৯ম-১০ম খৃঃ শতিকাৰ এটা শিলত কটা দুৰ্গা মূৰ্ত্তি এই মন্দিৰৰ গৰ্ভগৃহত আছে।

                  কামৰ তালিকা – হাতীমূৰা পূৰাতাত্ত্বিক স্থানত পৰ্য্যটকৰ বাবে এখন ছালি বনোৱা হৈছে।