কোনো পৌৰাণিক গাঁঠনি/সম্পদৰ চিনাক্তকৰণ সেই সম্পদটোৰ ঐতিহাসিক মূল্য আৰু সময়ৰ ওপৰত নিৰ্ভৰশীল। অসম মনুমেণ্ট এণ্ড ৰেকৰ্ডছ এক্ট,১৯৫৯ আৰু এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিওলজিকেল টাইটছ এণ্ড ৰিমেইন্স এক্ট,১৯৫৮ৰ মতে পুৰণা সৌধ মানে যিকোনো গাঁঠনি, স্তম্ভ বা সৌধ বা কোনো গুহা, শিলৰ ভাস্কৰ্য্য, লিপি বা শিলাখণ্ড যিটোৱে ঐতিহাসিক পূৰাতাত্ত্বিক বা কলাসুলভ আগ্ৰহ জগাই আৰু যিটোৰ বয়স এশ বছৰতকৈ কম দিনৰ নহয়। এই সংজ্ঞাৰ ভিতৰত পুৰণা সৌধৰ সমীপৰ ভূ-খণ্ড যিখিনি বেৰ দিবলগীয়া হৈ আছে, এই সংৰক্ষিত সৌধটোলৈ যাবলৈ সূচল আৰু এই পুৰণা সৌধটো পৰিদৰ্শন কৰিবলৈ সুবিধাজনক হয়।
ভালকৈ গৱেষণা কৰি বেছি পৰিমাণে সম্পদ উদ্ধাৰ কৰিবলগা তথ্যসমূহ ক্ষেত্ৰৰ পৰা পাবলৈয়ে পূৰাতাত্ত্বিক উদঘাটনসমূহ কৰা যায়। প্ৰাৰম্ভিক অৱস্থাত পূৰাতাত্ত্বিকসকলৰ প্ৰধান কাম হল শিল্প অধ্যয়ন আৰু অৱয়বৰ অধ্যয়ন কৰা। শিল্প অধ্যয়নৰত ভিতৰত শিলৰ সঁজুলি, পাত্ৰ, ধাতুৰ বস্তু ইত্যাদি অৱয়ব থকা আৰু স্থায়ী কলা শিল্পসমূহ যেনে- স্মৃতিসৌধ, কবৰ, অট্টালিকা যিবিলাক লৰচৰ কৰিব নোৱাৰে নাইবা সেইবোৰৰ মূল সোমাই থকা ঠাইৰ পৰা উলিয়াব নোৱাৰি। ইয়াৰ পিছতে পূৰাতাত্ত্বিকসকলে শিল্প আৰু অৱয়বৰ লগতে পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে। কিছুমান শিল্প সামগ্ৰী (অ-শিল্প সামগ্ৰীৰ ভগ্নাৱশেষ) যেনে- জন্তুৰ হাড়, গছৰ অংশ, মাটি আৰু গেদবিলাকৰ কথা ধৰিলেও অতীতত পাৰিপাৰ্শ্বিকতাৰ ওপৰত মানুহৰ আচাৰ-ব্যৱহাৰ কেনে আছিল তাকে জানিব পাৰি।