মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

খনন কাৰ্য্য কৰা স্থানৰ সমকালীন সংৰক্ষণ

খনন কাৰ্য্যত আৱিস্কাৰ হোৱা গাঁঠনিসমূহ সংৰক্ষণৰ বাবে এই সঞ্চালকালয় বিশেষ আগ্ৰহী। এই কথাটো Insitu conservation বুলিও জনা যায়। যেতিয়া খনন কৰি এটা গাঁঠনি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয় তেতিয়া ই মাটিৰ তলত থাকোতে পোৱা পাৰিপাৰ্শ্বিকতাৰ পৰা এটা বেলেগ ধৰণৰ পাৰিপাৰ্শ্বিকতাৰ মুখামুখি হয়। এটা শিল্পকলা বা অৱয়ব যেতিয়া হঠাতে এটা নতুন পাৰিপাৰ্শ্বিকতা সোমাই পৰে, তেতিয়া সেই শিল্পকলাটোৰ ভিতৰত থকা জুলীয়া বাষ্প ইমান সোনকালে বাষ্পীভূত হয় যে বস্তুটোৰ শাৰিৰীক গঠন অস্বাভাৱিকভাৱে সঙ্কুচিত হয়। ইয়াৰ ফলত বস্তুটো ভাঙে বা টুকুৰা-টুকুৰ হয়। গতিকে খনন কাৰ্য্য সম্পন্ন হোৱাৰ পাছত গাঁঠনিটো বা সম্পদখিনি বৈজ্ঞানিক ভিত্তিত এনেকুৱা ব্যৱস্থা লোৱা যায় যাতে বস্তুটোৰ জীৱনী কাল দীঘলীয়া কৰা যায়।