মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পূৰাতাত্ত্বিক স্থানৰ খনন

পৌৰাণিক গাঁঠনি আৰু ঐতিহাসিক সম্পদ (কলা শিল্প আৰু পাৰিপাৰ্শ্বিক) যিবিলাক পিছৰ কালত মাটিত পোত খাই গৈছে সেইবিলাক উদ্ধাৰ কৰিবলৈয়ে পূৰাতাত্ত্বিক খনন কাৰ্য্য কৰা হয়। এই কামটো সাধাৰণভাৱে মাটি কটা আৰু খন্দাৰ দৰে কাম নহয়, ইয়াৰ বাবে বিশেষজ্ঞ আৰু প্ৰশিক্ষিত মানুহ লাগিব। এই কামৰ পদ্ধতিটো হল ইটোৰ ওপৰত সিটোকৈ তৰপ পৰি ক্ৰমে ডাঠ হৈ গৈ থকা মাটিৰ তৰপবিলাক বিপৰীত ক্ৰমে সেই ঠাইত যুগে যুগে পোত খাই থকা সংস্কৃতিসমূহ ওলাই পৰিব। এই খনন কাৰ্য্য নিয়ম-নীতি মানি পুংখানুপুংখভাৱে কৰি যাব লাগে। কিবা এটা পালেই সি য’ত যেনেকৈ আছে তাতে তেনেকৈ থাকোতেই অধ্যয়ন কৰিব লাগে। আৱিস্কৃত সম্পদ আৰু অৱয়বসমূহৰ স্তৰীভূত অৱস্থা আৰু প্ৰসঙ্গসমূহ বুজিবলৈ খুব সাৱধানে এইবিলাক নথিভূক্ত কৰাটো দৰকাৰ।