মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পূৰাতাত্ত্বিক স্থান/স্মৃতিসৌধৰ সংৰক্ষণ ঘোষণা

অসমৰ পূৰাতাত্ত্বিক সঞ্চালকালয়ৰ প্ৰাথমিক কামটো হল অধিসূচনা অনুসৰি অসমৰ পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ ঘোষণা কৰা আৰু “অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৫৯” আৰু  “অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৬৪” ৰ মতে ভৱিষ্যতলৈ স্থান/স্মৃতিসৌধসমূহ সংৰক্ষণ আৰু প্ৰতিপালন কৰা। সঞ্চালকালয়ৰ কাৰিকৰী বিষয়া/অনুসন্ধানকাৰী বিষয়াই স্মৃতিসৌধ/স্থান অনুসন্ধান কৰি চিহ্নিত কৰি পিছত এখন অনুসন্ধানৰ প্ৰতিবেদন উৰ্দ্ধতম মহলত দখিল কৰাৰ পিছত সঞ্চালকালয়ে সংৰক্ষিত স্থান বুলি ঘোষণা কৰাৰ পাছত এখন প্ৰপত্ৰ ভৰ্তি কৰি জিলা প্ৰশাসনৰ ওচৰত ৰাজহ বিভাগৰ অনুমতি আৰু আন আন তথ্য যেনে- স্থান আৰু সৌধৰ পট্টা নম্বৰ, দাগ নম্বৰ, ঠাইখিনিৰ নাম, মৌজা, চক্ৰ বিষয়াৰ প্ৰতিবেদন, উপায়ুক্তৰ মতামত আদি সংৰক্ষণৰ পৰামৰ্শ দিয়া স্থান আৰু সৌধৰ জৰীপ কৰা প্ৰপত্ৰৰ দ্বিতীয় খণ্ডত সন্নিৱিষ্ট কৰা হয়।

উপায়ুক্তৰ পৰা অনুমতি পোৱাৰ পাছত প্ৰপত্ৰখন অসম চৰকাৰৰ আয়ুক্ত/সচিবে অনুমোদন কৰিবলৈ বুলি সচিবালয় প্ৰশাসনলৈ পঠোৱা হয় যাতে (প্ৰথম খণ্ডত) প্ৰস্তাৱিত স্থানখিনি “অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৫৯” আৰু “অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৬৪” আৰু  “অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু পূৰাতাত্ত্বিক স্থান আৰু অৱশিষ্ট(সংশোধন আৰু বৈধকৰণ) আইন, ২০১০ আৰু অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ আইন, ১৯৫৯ আৰু অসমৰ প্ৰাচীন স্মৃতিচিহ্ন আৰু লেখ নিয়মাৱলী, ১৯৬৪ ৰ অধীনত অধিসূচনা জাৰি কৰিব পাৰে। প্ৰশাসনীয় বিভাগে পদ্ধতিগতভাৱে পৰীক্ষা কৰাৰ পাছত ইয়াক বিধানসভাত দাখিল কৰা হয় যাতে এই স্থানক ৰাজযিক পূৰাতাত্ত্বিক স্থান হিচাপে গেজেটত অধিসূচনা জাৰি কৰে। সঠিকভাৱে বুজিবলৈ প্ৰপত্ৰ আৰু অধিসূচনাৰ এটা আৰ্হি ইয়াতে দিয়া হল।