মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পৌৰাণিক সম্পদৰ পঞ্জীকৰণ

ঐতিহাসিক আৰু কাৰ্যকাৰ্য্য খচিত যিবিলাক বস্তুৰ ঐতিহাসিক মূল্য আছে, সেইবিলাক এই সঞ্চালকালয়ৰ পৌৰাণিক সম্পদ পঞ্জীকৰণ বিভাগত পৌৰাণিক আৰু শিল্প কলা সম্পদসমূহৰ আইন, ১৯৭২ আইনৰ অধীনত পঞ্জীয়ন কৰা হয়। পৌৰাণিক সম্পদসমূহ পঞ্জীয়ন কৰাৰ উদ্দেশ্যে হল – পৌৰাণিক আৰু শিল্প সম্পদসমূহ বহিৰ্গমন নিয়ন্ত্ৰণ কৰা, পৌৰাণিক সম্পদসমূহৰ চোৰাং কাৰবাৰ আৰু জালিয়াতি বন্ধ কৰা, ৰাজহুৱা স্থানত সংৰক্ষণংৰ অৰ্থে পৌৰাণিক সামগ্ৰী আৰু শিল্পসমূহ বাধ্যতামূলকভাৱে অধিগ্ৰহণ কৰা আৰু এইবিলাকৰ সংলগ্ কিছুমান আনুষঙ্গিক নীতিনিয়ম মানি চলা।